পশ্চিমবংগত বিজেপি কৰ্মীক আতিশয্যৰ ঘটনাঃ হাওৰাঘাটত বিজেপি কৰ্মীৰ প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ
বোকাজান, ৫ মেঃ পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা পিছতেই ৰাজ্যখনৰ বিজেপি কৰ্মীসকলৰ ওপৰত সন্দেহযুক্ত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে চলোৱা আতিশয্যৰ বিৰুদ্ধে আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিজেপি দলৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতিলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে। হাওৰাঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি দলটোৰ নেতা-কৰ্মীসকলে অৱস্থান ধৰ্মঘট পালন কৰি পশ্চিমবংগৰ বিজেপি কৰ্মীসকলৰ ওপৰত চলা আতিশয্যৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে লগতে ৰাষ্ট্ৰপতিলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে। হাওৰাঘাট মণ্ডল বিজেপিৰ সভাপতি-সম্পাদক স্বাক্ষৰিত স্মাৰকপত্ৰখনত পশ্চিমবংগৰ শেহতীয়া হিংসাত্মক ঘটনাৰ প্ৰসংগ উল্লেখ কৰি এইক্ষেত্ৰত পশ্চিমবংগ আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। লগতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰকপত্ৰযোগে দাবী জনোৱা হয়। প্ৰতিবাদকাৰী বিজেপি কৰ্মীসকলে লগতে মমতা বেনাৰ্জী গ' বেক', টি এম চি গ' বেক', ন' জাষ্টিছ- ন' ৰেষ্ট, টি এম চি হুচিয়াৰ, টি এম চি হায় হায় আদি শ্ল'গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰিও প্ৰতিবাদ সাব্যস্ত কৰে।

No comments