Breaking News

মাঞ্জাত পথ দূৰ্ঘটনাঃ নিহত ১,আহত ১

বোকাজান, ২১ মে':- বৃহস্পতিবাৰে নিশা মাঞ্জাত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এগৰাকী বিবাহিতা মহিলা মৃত্যু হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি মাঞ্জা থানা এলেকাৰ বুদ্ধ মন্দিৰ তিনিআলি ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনাটো ৷ ঘটনাৰ বিৱৰণী অনুসৰি চালকৰ আসনত থকা ডকমকা থানা এলেকাৰ কাথে ৰংপি গাঁৱৰ ৰাজেশ টেৰণৰ পত্নী মন্দিৰা হাঞ্চেপী AS-09-G-0131 নম্বৰৰ স্কুটিখন কেঁকুৰিত ঘূৰাওতেই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ঘটনাস্থলীতেই মহিলাগৰাকীৰ মৃত্যু হয় ৷ আনহাতে উক্ত স্কুটীখনৰ আনগৰাকী আৰোহী সামান্য ৰূপে আহত হয় বুলি জানিব পৰা গৈছে ৷

No comments