লাংহিনত শোকাবহ পথ দুৰ্ঘটনাত এজন নিহত
বোকাজান, ৪ মেঃ আজি পুৱাৰ ভাগত কাৰ্বি আংলং জিলাৰ লাংহিনত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা প্ৰায় দহ বজাত ডকমকা থানাৰ অন্তৰ্গত লংহিনৰ স্বৰগাঠি খেলপথাৰৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শাক-পাচলি কঢ়িয়াই নিয়া এএছ-০২-চিচি-২৩৩৭ নম্বৰৰ মেজিকখনত বিপৰীত দিশৰ পৰা তীব্ৰবেগে আহি থকা এনএল-০১-এল-৭৬৭০ নম্বৰৰ বাৰচকীয়া ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত মেজিকখনত থকা নজৰুদ্দিন আহমেদ (২৭) নামৰ যুৱকজন থিতাতে নিহত হয়। মেজিকখনৰ আন এগৰাকী আৰোহী দুলাল হুছেইন (২৮) নামৰ যুৱকজনক লগে লগে সমীপৰ ডকমকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত অতি গুৰুতৰ হোৱাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে অতি সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। মেজিকখনৰ চালক চৰিফুদ্দিন ৰহমানো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাত পতিত হোৱা মেজিকখনে আজি বকলীয়াঘাটৰ মঙলবৰীয়া সাপ্তাহিক বজাৰৰ বাবে পাঁচলি কঢ়িয়াই আনি থকা অৱস্থাতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
No comments