Breaking News

অসম চৰকাৰৰ প্ৰশাসনিক পৰ্যায়ত ৰদবদলৰ নিৰ্দেশনা

নিউজ ডেস্কঃ নতুন ৰাজ্যিক চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছতেই বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ লগতে আৰক্ষী অধীক্ষকসকলক সালসলনি কৰাৰ পৰৱৰ্তী সময়ত এইবাৰ পুনৰ প্ৰশাসনিক বিষয়াৰ ৰদবদলৰ এক নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। নিৰ্দেশনা অনুসৰি বিভিন্ন জিলাৰ প্ৰশাসনিক বিষয়াসকলৰ লগতে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত পাৰ্থ সাৰথি জহৰীক উত্তৰ শালমাৰাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে কাছাৰৰ অতিৰিক্ত উপায়ুক্ত ড০ খালেদা চুলতানা আহমেদক কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়ে। আনহাতে, বোকাজানৰ মহকুমাধিপতি বিবেক শ্যাম পাংয়ঙক হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত অনুপ কুমাৰ ব্ৰহ্মক বোকাজানৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে।







No comments