Breaking News

ধনশিৰিত সন্দেহযুক্ত ডিএনএলএৰ সৈতে সেনা-আৰক্ষীৰ মুখামুখী সংঘৰ্ষ :নিহত ৬

বোকাজান, ২৩ মে':- অসম-নগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে আৰক্ষীৰ মুখামুখী সংঘৰ্ষ ৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি আজি পুৱতি নিশা হোৱা উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ নেতৃত্বত অসম ৰাইফলচৰ জোৱান আৰু আৰক্ষীৰ সৈতে ধনশিৰিৰ মিছিবাইলুঙত হৈছিল উক্ত মুখামুখী সংঘৰ্ষ ৷ নিহত উগ্ৰপন্থী সদস্য সকলৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই ৷ উল্লেখ্য যে, যোৱা ১৯ মে'ত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত ডিএনএলএ উগ্ৰপন্থীৰ গুলীত সঞ্জয় ৰংহাং নামৰ এজন পুৰোহিত নিহত হৈছিল ৷ তেতিয়াৰ পৰাই সৰৱ হৈ পৰিছিল কাৰ্বি আংলং আৰক্ষী ৷ নৱ-নিযুক্ত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল নিৰন্তৰ এলানি অভিযান ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁইও সজীৱ গুলী ৷

No comments