Breaking News

চৰকাৰী চাকৰিধাৰী সাংবাদিকক সাংবাদিক বীমাৰ সুবিধা প্ৰদান নকৰিবলৈ আহ্বান ডিপিচিকেএৰ

ডিফু, ২৪ এপ্ৰিলঃ চৰকাৰী চাকৰিধাৰী একাংশ সাংবাদিকক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আগবঢ়োৱা সাংবাদিক বীমাৰ সুবিধা প্ৰদান নকৰিবলৈ আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ চমুকৈ ডিপিচিকেএই ৷ এই সন্দৰ্ভত আজি পুৱাৰ ভাগত ডিপিচিকেএৰ এক সঁজাতি দলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷ স্মাৰক পত্ৰখনত উল্লেখ থকা অনুসৰি একাংশ সাংবাদিক চৰকাৰী চাকৰিধাৰী আৰু তেওঁলোকে চৰকাৰে প্ৰদান কৰা অনান্য সুবিধাসমূহ ভোগ কৰি আছে ৷ সেয়ে সাংবাদিক বীমা সুবিধা প্ৰদান কৰাৰ আগতে সাংবাদিকসকলক ডিপিচিকেৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে বুলি দাবী জনায় ৷ ইয়াৰোপৰি কাৰ্বি আংলঙত স্থায়ীভাবে বসবাস কৰা সাংবাদিকসকলকহে এই সুবিধা প্ৰদান কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক ডিপিচিকেএই দাবী জনায় বুলি ডিপিচিকেএৰ সভাপতি আৰু সাধাৰণ সম্পাদক দিগন্ত টেৰণ আৰু ডেনিয়েলচন বে'ই এক বিবৃতি যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

No comments